অসম

ৰাধাভোগ আটাৰ পেকেটত পোক, স্বাস্থ্য সন্মত খাদ্যৰ নামত যোৰহাটৰ ৰাধাকৃষ্ণ ফ্ল’ৰ মিলে গ্ৰাহকক খুৱাইছে অখাদ্য

প্ৰথম খবৰ ,জাঁজী: আপুনি বাৰু ৰাধাভোগ আটা ব্যৱহাৰ কৰে নেকি ? আপুনি যদি যোৰহাটৰ ৰাধাকৃষ্ণ ফ্ল’ৰ মিলৰ ৰাধাভোগ ব্ৰেণ্ডৰ চাকী ফ্ৰেছ আটা ব্যৱহাৰ কৰে তেনে আপুনি সাৱধান । আপুনি খাবলৈ অনা ৰাধাভোগ আটাৰ পেকেটত ওলাব পাৰে সৰু সৰু পোক। আজি এনে এটা ঘটনা সংঘটিত হৈছে যোৰহাট জিলাৰ জাঁজী হাঁহচৰাত । অঞ্চলটোৰ এজন ব্যক্তিয়ে কালি সন্ধ্যা দোকানৰ পৰা ক্ৰয় কৰিছিল ৰাধাভোগ ব্ৰেণ্ডৰ চাকী ফ্ৰেছ আটাৰ ২ কে.জি ৰ এটা পেকেট। ২০১৭ ৰ জুন মাহত পেকেট কৰা আৰু 3/A/03 লট নম্বৰৰ পেকেটতো আজি খুলি ব্যক্তি গৰাকী হতভম্ব হৈ পৰে । আটাৰ পেকেটতোৰ ভিতৰত দেখা গ’ল সৰু সৰু পোকৰ কিলবিলনি। অত্যন্ত স্বাস্থ্য সন্মতভাৱে পেকেট কৰা বুলি প্ৰস্তুতকৰ্তাই দাবী কৰা ৰাধাভোগ আটাৰ পেকেটত পোক হোৱা ঘটনাই ৰাধাভোগ আটাৰ বিশ্বাস যোগ্যতাৰ ওপৰত সন্দেহৰ উদ্ৰেক ঘটাইছে। আনহাতে আজি ৰাধাকৃষ্ণ ফ্লৰ মিলৰ কৰ্মচাৰীৰ উপস্থিতিত ৰাধাভোগৰ ২টা পেকেট পৰীক্ষা কৰে যদিও পেকেট কেইটাত পোকৰ অৱস্থিতি পৰিলক্ষিত নহ’ল।

Related Articles

Leave a Reply

Close