অসম

ৰূপহীমুখত শোকাৱহ ঘটনা: ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হ’ল দুই কণমানি সন্তানৰ পিতৃ

প্ৰথম খবৰ, দিখৌমুখ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত দিখৌমুখৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীকাষৰীয়া ৰূপহীমুখত সংঘটিত হ’ল এটি শোকাবহ ঘটনা৷ কালি পুৱা প্ৰায় ৭.৫০ বজাত অঞ্চলটোৰ ২ নং ৰূপহীমুখৰ ৰঞ্জিত কলিতা (টংক) নামৰ ব্যক্তিজন ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ গড়াৰ কাষতে এটা পকনীয়াৰ কবলত পৰি নদীত ডুব গৈ সন্ধানহীন হয়৷ এজন ব্যক্তি সন্ধানহীন হোৱা এক শোকাকুল ঘটনা সংঘটিত হয়৷ ৩৭ বছৰীয়া ব্যক্তিজন হঠাৎ আকস্মিক ভাৱে নদীত ডুব যোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ মাজতে হুৱা-দুৱা লাগে৷ এটা অতি ক্ষুদ্ৰ ব্যৱসায়েৰে পৰিয়াল পোহপাল দিয়া ৩৭ বছৰীয়া দৰিদ্ৰ পৰিয়ালৰ ব্যক্তিজন দুটা কণমানি সন্তানৰ পিতৃ আছিল৷ ব্যক্তিজনৰ সলিল সমাধিয়ে দুই সন্তান সহ পত্নী আৰু বৃদ্ধা মাতৃ থকা পৰিয়ালটো নিঠৰুৱা হোৱাত কান্দোনৰ ৰোল উঠে সমগ্ৰ নৈপৰীয়া অঞ্চলটোতে৷ স্থানীয় শোকবিহ্বল ৰাইজৰ লগতে ডিব্ৰুগড়স্থিত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়েও উদ্ধাৰ অভিযান চলাইও সন্ধান উলিয়াব পৰা নাই মহাবাহুৰ বুকুত সন্ধানহীন হোৱা ৰঞ্জিত কলিতাৰ৷ ঘটনাটোৱে নৈপৰীয়া অঞ্চলটোৰ লগতে বৃহত্তৰ দিখৌমুখ অঞ্চলতো শোকৰ ছাঁ পেলাইছে৷

Related Articles

Leave a Reply

Close