অসম

ৰূপহীমুখৰ জনজাতি উচ্চ ইংৰাজী বিদ্যালয়ৰ উচ্চ বৰ্গ সহায়ক মালিৰাম টাহুৰ মৃত্যু

প্ৰথম খবৰ, দিখৌমুখঃ শিৱসাগৰ জিলাৰ দিখৌমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰূপহীমুখ মিচিং গাঁৱৰ নিবাসী তথা ৰূপহীমুখ জনজাতি উচ্চ ইংৰাজী বিদ্যালয়ৰ উচ্চ বৰ্গ সহায়ক মালিৰাম টাহুৰ (৫১) কালি পুৱা নিজা বাসগৃহতে পৰলোক প্ৰাপ্তি হয়৷ দীৰ্ঘদিন ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ অৱশেষত মৃত্যু হোৱা টাহু একালৰ এজন সুদক্ষ ফুটবল খেলুৱৈ তথা সমাজৰ বিভিন্ন অনুস্থান-প্ৰতিস্থানৰ লগত জড়িত এজন সৰবৰহী ব্যক্তি আছিল৷ আজি মিচিং লোক পৰম্পৰা অনুসৰি শেষকৃত্য সম্পন্ন কৰা টাহুৰ মৃত্যুৰ পিছতে তেওঁৰ কৰ্মৰত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী আৰু স্থানীয় ৰাইজ প্ৰয়াত টাহুৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ব্যক্তি গৰাকীৰ মৃত্যুত কৰ্মৰত বিদ্যালয় খনৰ লগতে দিখৌমুখ বিশ্বজ্যোতি সংঘ, দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক মিদ্যালয়, ৰূপহীমুখ মধ্য ইংৰাজী বিদ্যালয়, ৰূপহীমুখ যুৱক সংঘ আদি অনুস্থান প্ৰতিস্থানে শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত টাহুৱে পত্নীসহ পুত্ৰ, বোৱাৰী আৰু কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে৷

 

Related Articles

Leave a Reply

Close