যুৱশীৰ্ষ

আটাইতকৈ ধুনীয়া চকুৰ গৰাকী নয়নাৰ সৌন্দৰ্যৰ মহাৰণ

গৌতম হাজৰিকা

শোণিতপুৰ জিলাৰ ধলাইবিলৰ ২ নং বৰপথাৰৰ এজনী মৰম লগা ছোৱালী। নাম নয়না শইকীয়া। নাম যিদৰে নয়না, দেখাই শুনাইও তেওঁ ৰূপহী যৌৱনা। শিক্ষক অভিভাৱকদ্বয় মহেশ্বৰ শইকীয়া আৰু চন্দনা শইকীয়াৰ কনিষ্ঠ জীয়ৰী নয়নাই ২ নং বৰপথাৰৰপৰাই নামি পৰিছে সৌন্দৰ্যৰ মহাৰণত। সৰুৰেপৰা ৰূপচৰ্চাৰ প্ৰতি আগ্ৰহী নয়না ই সদায় নিজকে ধুনীয়া কৰি ৰাখিবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাই।

পিতৃ মাতৃৰ অনুপ্ৰেৰণাত প্ৰথমবাৰ নয়নাই যোগ দিলে মিছ বিশ্বনাথত। আৰু শিৰত পিন্ধিলে মিছ বিশ্বনাথৰ মুকুট।তাৰ পিছতে ২০১৬ত যোগ দিলে নৰ্থ ইষ্ট চেলেষ্টিয়েল ডিভাত। তাতো উজ্বলি উঠিল নয়নাৰ নয়ন যুগল। লাভ কৰিলে বেষ্ট আইছৰ খিতাপ।

২০১৭ত আকৌ যোগ দিলে লটিঘটি অসমীয়া কেলেণ্ডাৰত। তাতো প্ৰতিভা দেখুৱালে নয়নাই। লাভ কৰিলে বেষ্ট ট্ৰেডিচনেল ড্ৰেছ আৰু মিছ ফটোজেনিক সন্মান। নৃত্যৰ লগতে খেলাধূলাৰ প্ৰতি অনুৰাগ থকা নয়না বিশ্বনাথ কলেজৰ বেডমিণ্টন চেম্পিয়ন। প্ৰবল আত্ম নিশ্বাসী নয়না মডেলিং আৰু অভিনয় জগতত সমানে সকলোৰে নয়নৰ মণি হোৱাৰ ইচ্ছা।

[masterslider id=”10″]

Related Articles

Leave a Reply

Close