বিনোদনশীৰ্ষৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মানিত হ’ব প্ৰিয়ংকা

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: প্ৰিয়ংকা চোপ্ৰা, বৰ্তমান ভাৰতৰ এক বিকল্পহীন নাম। এটাৰ পিছত এটাকৈ বহুকেইটা আন্তঃৰাষ্ট্ৰীয় বঁটা ইতিমধ্যে ভাৰতলৈ আনিছে ডেডীছ লিটিল গাৰ্ল প্ৰিয়ংকা চোপ্ৰাই। শেহতীয়াভাৱে প্ৰিয়ংকাক ট’ৰণ্ট’ত আয়োজিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত কৰা হৈছে। জানিবপৰা মতে, ‘বেৱাটছ’ আৰু ‘কুৱাণ্টিক’ৰ অভিনয়, সক্ৰিয়তা তথা পাৰ্চনেলিটিৰ বাবে সন্মানিত কৰিব বলীউদ তথা হলীউডৰ মোহময়ী অভিনেত্ৰী গৰাকীক। গতিকে ডেডীছ লিটিল গাৰ্ল প্ৰিয়ংকা চোপ্ৰাই আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ নাম উজলাই তুলিবলৈ সাজু হৈছে।

Related Articles

Leave a Reply

Close