অসম

আন্ধেৰীঘাটত মটৰ চাইকেল ডকাইতি

প্ৰথম খবৰ, আন্ধেৰীঘাট: সন্ধিয়া ৮ মান বজাত বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বামুনঝাৰ গাঁৱৰ শালমাৰা-আন্ধেৰীঘাট পথৰ পৰা এখন গ্লেমাৰ বাইক ডকাইটি হয়। মালিবাৰীটাৰী গাঁৱৰ শিক্ষক তাৰিনী নাথে আজি এমাহ মান আগতে ক্ৰয় কৰা ৰঙা ৰঙৰ বাহন খন দুজন ডকাইটে বলপুৰ্ৱকভাৱে কাঢ়ি লৈ যায়। ঘটনাৰ সময়ত নিজকে আৰ্মি বুলি পৰিচয় দি হিন্দী অসমীয়া আৰু বড়ো ভাষাত কথা পতা বুলি বাইক আৰোহী নাথৰ পুত্ৰই জানিবলৈ দিয়ে। উল্লেখ্য যে, বাহনখনত এতিয়ালৈকে নম্বৰ লগোৱা নাছিল। আজি প্ৰায় দুমাহমান আগতেও মাহতলী বজাৰৰ পৰা আন এখন নতুন বাইক চোৰে চুৰ কৰি নিছিল। আৰক্ষীয়ে এই সম্পৰ্কত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়েহে ক’ব।

Related Articles

Leave a Reply

Close