শীৰ্ষৰাষ্ট্ৰীয়

আহি আছে দুটকাত ইণ্টাৰনেট!

নেচনেল ডেস্ক, প্ৰথম খবৰ: ইণ্টাৰনেট ব্যৱহাৰকাৰীলৈ ভাৰতৰ টেলিকম নিয়ামক প্ৰাধীকৰণ, চমুকৈ ট্ৰায়ে আনিছে সুখবৰ। ট্ৰায়ে ভাৰতত পে এজ য়ু গ’ৰ আধাৰত ৱাই-ফাইৰ সুবিধা দিয়া বাবে আঁচনি প্ৰস্তুত কৰিছে। ইয়াৰ বাবে ট্ৰায়ে কোম্পানীসমূহক পাইলট প্ৰজেক্টত ভাগ লোৱাৰ বাবে নিমন্ত্ৰণ জনাইছে। এই ৱাই-ফাই হটস্পটবোৰক পাব্লিক ডেটা অফিচ, চমুকৈ পিডিঅ’ নামেৰে জনা যাব।

প্ৰাৰম্ভিকভাৱে ইয়াত দুটকাৰপৰা ২০ টকালৈ প্লেন থাকিব। এই সুবিধা গ্ৰহণ কৰিবলৈ উপভোক্তাই নিজৰ কেৱাইচি জমা দিয়াৰ লগতে ৱান টাইম পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগিব। ট্ৰাইৰ মতে ইয়াৰ দ্বাৰা ভাৰতৰ নাগৰিকে সস্তাত আৰু সহজতে ইণ্টাৰনেট সেৱা লাভ কৰিবলৈ সক্ষম হ’ব। এই পাইলট প্ৰজেক্টত অংশগ্ৰহণ কৰিবলৈ কোম্পানীবোৰক ২৫ জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব।

Related Articles

Leave a Reply

Close