অসম
আৰ.এম.চিৰ চিৰাং জিলা সমিতি গঠন

প্ৰথম খবৰ, কোকৰাঝাৰ: সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰ.এম.চি’ৰ ইতিপূৰ্বে ভংগ কৰি দিয়া চিৰাং জিলা সমিতিখন পুনৰ গঠন কৰা হয়৷ আজি এক প্ৰেছ বিবৃতিযোগে আৰ.এম.চিৰ কেন্দ্ৰীয় সভাপতি গুলজাৰ হুছেইন মোল্লাই জানিবলৈ দিয়া মতে কালি চিৰাং জিলাৰ ছাতিপুৰ আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত এখন সভাৰ জৰিয়তে চিৰাং জিলা আৰ.এম.চিৰ ৩১ জনীয়া সমিতিখন গঠন কৰা হয়। আৰ.এম.চিৰ সভাপতি গুলজাৰ হুছেইন মোল্লাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জিয়া ৰহমান মোল্লাক সভাপতি আৰু আব্দুছ ছাত্তাৰ আহমেদক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া চিৰাং জিলা সমিতিখন গঠন কৰা হয়৷ নৱগঠিত সমিতিখনে পূৰ্ণাঙ্গ অধিৱেশন নোহোৱালৈ চিৰাং জিলা আৰ.এম চিৰ অধীনস্থ সকলোবোৰ কাম কৰাৰ কতৃত্ব থাকিব বুলিও সংগঠনটোৰ সভাপতি গুলজাৰ হুছেইন মোল্লাই জানিবলৈ দিছে৷