অসম

ইউকেলৈ যুগলবন্দীৰ নৃত্য যাত্ৰা

নিউজ ডেস্ক, প্ৰথম খবৰ: সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনক এক অন্য দিগন্তলৈ নিয়া এহাল বলিষ্ঠ সত্ৰীয়া দম্পতী হ’ল শৈলেন শইকীয়া আৰু সবিতা শইকীয়া। যুগলবন্দী নামৰ সত্ৰীয়া নৃত্যৰ প্ৰতিষ্ঠানটোৰ দ্বাৰা সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দি থকা এই শিক্ষক দম্পতী প্ৰতি বছৰে বিদেশত সত্ৰীয়া নৃত্যৰ প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰি আহিছে। প্ৰত্যেক বছৰৰ দৰে এইবাৰ বাৰ্মিংহামলৈ আমন্ত্ৰণ লাভ কৰিছে এই দলটিয়ে। ৰটেৰী ক্লাব্ অব্ য়াৰ্ডলে এণ্ড ছেলডেনে আসাম ছেৰাইটি অৰগেনাইজেচনৰ উদ্যোগত আয়োজন কৰা ইণ্ডিয়ান কালচাৰেল ছেৰিটী ফাংচনত ৫ আগষ্টৰ দিনা সত্ৰীয়া নৃত্য প্ৰৰ্দশনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে। যুগলবন্দী সত্ৰীয়া একাডেমীৰ প্ৰশিক্ষক সবিতা শইকীয়াৰ নেতৃত্বত ২ আগষ্টৰ দিনা ৫জনীয়া দলটিৰে উৰা মাৰিব বাৰ্মিংহামলৈ।

Related Articles

Leave a Reply

Close