অসম

উছৱমুখৰ পৰিৱেশেৰে মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু অধ্যক্ষ হৰেনছিং বে’ক উষ্ম আদৰনি সমষ্টিবাসীৰ

প্ৰথম খবৰ, খেৰণি: ব্যাপক চৰ্চা আৰু বিতৰ্কৰ মাজেৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্যৰূপে মুখ্য কাৰ্য্যবাহী পদত পুনৰ অধিষ্ঠ হোৱা পূৰ্বৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙক আজি আনুষ্ঠানিকভাৱে পশ্চিম কাৰ্বি আংলং তথা তুলিৰাম ৰংহাৰ গৃহসমষ্টিৰ তুমপ্ৰেঙত উষ্ম আদৰনি জনাই পশ্চিম কাৰ্বি আংলংবাসীৰ লগতে পৰিষদীয় বিথুং ৰেংথেমা সমষ্টিবাসীয়ে৷ উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানত একেলগে উল্লিখিত সমষ্টিটোত উপস্থিত হোৱা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে, নৱ নিৰ্বাচিত পৰিষদীয় সদস্য ক্ৰমে  লুনছিং টেৰন, ৰিনা টেৰাংপি, প্ৰভাত টাৰ’, অমৰছিং টিছ’ আৰু মংগলছিং তিমুঙকো উষ্ম আদৰনি জনোৱাৰ লগতে মফলা, গামোছাৰ্পনেৰে সম্বৰ্ধনা জনায় ৷ ইফালে আজিৰ এই অনুষ্ঠানত কাৰ্বি ৰজা হাৰছিং ৰংহাঙেও অংশ লৈ আগন্তুক দিনত জনপ্ৰতিনিধিসকলে দক্ষতাপূৰ্ণভাৱে যাতে কাম কৰি যাব পাৰে তাৰ বাবে শুভকামনা কৰি উপস্থিত হোৱা ৰজা গৰাকীয়ে৷  আদৰনি আৰু সম্বৰ্ধনা অনুষ্ঠানত হৰ্ষোল্লাহেৰে অংশ লোৱা দুই সহস্ৰাধিক পুৰুষ-মহিলা আৰু ৰাইজক উদ্দেশ্যি নৱ নিৰ্বাচিত কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে ভাষনত কয় যে পুনৰবাৰ তথা দ্বিতীয়বাৰৰ বাবে মুখ্য কাৰ্য্যবাহী সদস্য হিচাপে নিৰ্বাচিত হোৱা তুলিৰাম ৰংঙাৰ অবিহনে কাৰ্বি আংলঙত উন্নয়ণ আৰু বিকাশ কৰাটো অসম্ভৱ, কেৱল ৰংহাঙৰ নেতৃত্বতহে কাৰ্বি আংলঙত সৰ্বাংগিন উন্নয়ণ আৰু বিকাশ সাধন কৰাটো সম্ভৱ বুলি কয় অধ্যক্ষগৰাকীয়ে৷ আনহাতে পুনৰবাৰৰ বাবে নৱ নিৰ্বাচিত হোৱা মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙেও ভাষন প্ৰসংগত কয় যে কাৰ্বি আংলঙৰ পৰিবৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙৰ ৰাইজে ইতিমধ্যে কাৰ্বি আংলঙৰ ৰাজনৈতিক ক্ষেত্ৰত এক অভূতপূৰ্ব ইতিহাস ৰচনা কৰি দেখুৱাইছে, য’ত নেকী পৰিষদীয় মুঠ ২৬ টা সমষ্টিৰ ভিতৰতে ২৪ টা সমষ্টিটিতে বিজেপিৰ দখলৈ আনি পৰিবৰ্তনৰ স্বাৰ্থত ৰাইজৰ শক্তি থকাৰ কথা স্পষ্টভাৱে প্ৰমানিত কৰিছে, গতিকে কাৰ্বি আংলঙত এতিয়া পূৰ্বৰ তুলনাত আৰু অধিক উন্নয়ণসাধন, সমস্যা সমাধান, বিকাশ সাধন, নিবনুৱা সমস্যা, শিক্ষা উন্নয়ণ সাধন আদি সুনিশ্চিতভাৱে হব বুলি কয় ৰংহাঙে৷ লগতে নিৰ্বাচনৰ পূৰ্বে আৰু প্ৰাকক্ষণত ৰংহাঙ আৰু বেয়ে কৰা প্ৰতিটো প্ৰতিশ্ৰুতিয়েই আখৰে আখৰে পালন কৰি যাব বুলি প্ৰতিশ্ৰুতিৰ প্ৰতিশ্ৰুতি দিয়ে নেতাদ্বয়ে৷ ইফালে পৰিষদীয় সদস্য প্ৰভাত টাৰ’য়েই উল্লেখ কৰে যে মই, আপুনি আৰু আমি সকলোয়ে একেলগে একত্ৰিত হৈ পৰস্পৰে পৰস্পৰক সহায় সহযোগ কৰি কাৰ্বি আলঙক জাকত জিলিকা জিলাত পৰিনত কৰিব লাগিব আৰু সংকল্পবদ্ধ হব লাগিব বুলি কয় টাৰ’ই৷ একেদৰে আজি পৰিষদীয় ৫ নং ৰংখাং সমষ্টিটো অনুৰূপভাৱে এক উছৱমুখৰ পৰিবেশেৰে উষ্ম আদৰনি জনায় এওঁলোকক ৰংখাং সমষ্টিবাসীয়ে৷

Related Articles

Leave a Reply

Close