অসম

উত্তৰ পূৱ অনুৰ্ধ দবা প্ৰতিযোগিতাত চেম্পিয়ন ডিব্ৰুগড়ৰ আভাষ ৰমিয় শইকীয়া 

প্ৰথম খবৰ, টেঙাখাত: ১৭ বছৰ অনুৰ্ধ প্ৰাইজমণি দবা প্ৰতিযোগিতাত ডিব্ৰুগড় ৯ বছৰীয়া অনুৰ্ধ খেলুৱৈ আভাষ ৰমিয় শইকীয়া চেম্পিয়ন হয়। ২৭ জুলাইৰ পৰা ৩০ জুলাইলৈকে বৰহাপজান ব্ৰহ্মপুত্ৰ স্পৰ্টচ কচিং চেণ্টাৰৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাখন চাহ মজদুৰ চেন্ট্ৰেল হাইস্কুলত অনুষ্ঠিত হয়। প্ৰাইজমণি আগবঢ়াই দুলীয়াজান অইলে। উল্লেখযোগ্য, ৯ বছৰৰ অনুৰ্ধ খেলুৱৈ আভাষ ৰমিয় শইকীয়াই ১ লাখ টকাৰ প্ৰাইজমণি লাভ কৰে। প্ৰথম দহটা স্থান প্ৰাপ্ত খেলুৱৈ হ’ল- আভাষ ৰমিয় শইকীয়া, টুহিন কাশ্যপ, দেৱাশিষ পৰাশৰ, ভাস্কৰজ্যোতি বৰা, অভিলাস দত্ত, তানিসা এ আৰ সোম, আৰোহণ শইকীয়া, দিব্যাংশু লাহন, নবাব মুক্ৰিল জাদিদ, কৃতিবাস দেৱশৰ্মা।

Related Articles

Leave a Reply

Close