অসম

এটা পথে জ্বলা কলা খুৱাইছে হোজাই জিলাৰ যমুনামুখবাসীক

প্ৰথম খবৰ, কামপুৰ: বিজেপি চৰকাৰ আহিলে হ’ব পৰিৱৰ্তন, বিজেপিয়েহে আনিব ৰাজ্যৰ উন্নয়ন।এই শ্লোগানৰে দিছপুৰৰ গাদী দখল কৰা সৰ্বা চৰকাৰে এটা বছৰত কিমান উন্নয়ন কৰিলে।উন্নয়ন হ’ল জানো ৰাজ্যৰ বিভিন্ন বাট-পথবোৰৰ। হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অতিকে গুৰুত্বপূৰ্ণ যমুনামুখ – সৰুপথাৰ পথৰ দুৰৱস্থা এতিয়া পথ নহয় যেন প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী।পথৰ ওপৰতে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত।তথাপিও কানষাৰ নাই চৰকাৰ স্থানীয় বিধায়ক তথা গড়কাপ্তানী বিভাগৰ।হয়, হোজাই জিলাৰ অতিকে গুৰুত্বপূৰ্ণ সৰুপথাৰ যমুনামুখ পথচোৱাৰ দীৰ্ঘদিন ধৰি মেৰামতি নোহাৱাৰ ফলত তীব্ৰ সমস্যাত পৰিছে সমগ্ৰ যমুনামুখবাসী। প্ৰায় সাত কিলোমিটাৰ দৈৰ্ঘৰ পথচোৱাৰ মেৰামতিৰ বাবে গুৰুত্ব দিয়া সৰ্বা চৰকাৰে আৰু বিধায়ক আব্দুল ৰহিম আজমল আৰু বিয়াগোম গড়কাপ্তানী বিভাগে।।যাৰ কাৰণে পথটোত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে আৰু যাতায়াত কৰাত ব্যাপক সমস্যা সৃষ্টি হৈছে।
বাণিজ্যৰ কেন্দ্ৰস্থল যমুনামুখৰ লগত অন্যস্থানৰ যোগাযোগৰ এক মাত্ৰ পথটোৰ এই দুৰৱস্থাৰ বাবে হাহাকাৰ কৰিছে যমুনামুখবাসীয়ে।পথচোৱাৰ অতিশীঘ্ৰে মেৰামতিৰ দাবী কৰিছে স্থানীয় ৰাইজে ।

Related Articles

Leave a Reply

Close