অসমবিনোদন

কংগ্ৰেছৰ বেয়া দিনত সহায় কৰিবলৈ আহিছো: হিৰণ্য দাস

নিউজ ডেস্ক, প্ৰথম খবৰ: অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা হিৰণ্য দাসে আজি আনুষ্ঠানিকভাৱে ৰাজ্যিক কংগ্ৰেছ দলত যোগদান কৰে। ৰাজীৱ ভৱনত অনুষ্ঠিত এক সভাত উপস্থিত থাকি অভিনেতাজনে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত ৰাজহুৱাভাৱে যোগদান কৰে বিৰোধী ৰাজনৈতিক দলটোত। প্ৰথম খবৰৰ সাংবাদিকক জনোৱামতে সোঁতৰ বিপৰীতে গৈ কাম কৰাৰ হেঁপাহ অভিনেতাগৰাকীৰ। কাৰণ বিজেপিত হেনো কথা মতে কাম নহয় বুলি ভাৱে হিৰণ্য দাসে। ইয়াৰোপৰি সাংবাদিকৰ প্ৰশ্নত ব্যক্ত কৰে যে ৰাজনৈতিক দলটোত যোগদান কৰাৰ কোনো আগতীয়া পৰিকল্পনা নাছিল আৰু অসমীয়া ছবিৰ বেয়া দিন চলি থকাৰ বাবেও ৰাজনৈতিক ক্ষেত্ৰখনলৈ অহা নাই অভিনেতাজনে। জনপ্ৰিয় অভিনেতাজনৰ অসমীয়া ৰাইজৰ বাবে ৰাজনৈতিকভাৱে কিছু ভাল কাম কৰাৰ হেঁপাহ যিদৰে আগতে ছবিৰ যোগেৰে ৰাইজৰ বাবে কাম কৰি গৈছিল। সেয়েহে তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে ‘বেয়া দিনত সহায় কৰাটোহে আচল কথা ভাল দিনতটো সকলোৰে সহায় পোৱা যায়। সেয়েহ মই কংগ্ৰেছ দলটোত যোগদান কৰাৰ সিদ্ধান্ত ল’লো।

 

 

 

 

Related Articles

Leave a Reply

Close