অসম

কমলপুৰৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ দেহাৱসান

প্ৰথম খবৰ,বেজেৰা/কমলপুৰ: কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা বিশিষ্ট কংগ্ৰেছ নেতা প্ৰয়াত বেনুধৰ কলিতাৰ পত্নী উত্তৰা কলিতাই আজি চিকিৎসাধীন অৱস্থাত ইন্টাৰনেচনেল হাস্পিটালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত বয়স আছিল ষাঠি বছৰ। কলিতাই ৫৬ নং কমলপুৰ বিধান সভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে ২০০০ আৰু ২০০৬ চনত একেৰাহে দুবাৰ জয়ী হয় । তাৰোপৰি কলিতা আছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ সচিব। উত্তৰা কলিতাৰ ঘৰ সম্প্ৰতি যদিও গুৱাহাটীৰ অম্বিকাগীৰি নগৰত প্ৰকৃততে তেওঁৰ ঘৰ কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত শিংৰা গাৱতহে। মৃত্যুৰ সময়ত পুত্ৰ পাশ্বজ্যোতি কলিতা আৰু জীয়ৰী বিজয়া কলিতাক এৰি থৈ যায় । তেওঁৰ মৃত্যুত সমষ্টিবাসীৰ লগতে যুৱ কংগ্ৰছৰ কৰ্মীয়ে শোক প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Close