অসম

কমাৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এক ব্যতিক্ৰমী কাৰ্য্যসূচী

প্ৰথম খবৰ,খুমটাই : সদা ব্যস্ত জীৱনৰ পৰা অলপ সময় আতৰি পুৱাই হাতত দা, কটাৰী, কোৰ লৈ ওলাই আহিল কমাৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চুতীয়াৰ নেতৃত্বত এটা আৰক্ষী দল । অভিযান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী কমাৰগাওঁ মহাবিদ্যালয় পথৰ দাঁতিত থকা হাবি জংঘল চাফা কৰা । কথা মতেই কাম আৰম্ভ কৰিলে আৰক্ষী দলটোৱে এফালৰ পৰা কাটিবলৈ আৰম্ভ কৰিলে হাবি জংঘল আৰু হাবি জংঘল কাটি থকা দেখি ওচৰ চাপি আহিল কমাৰগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দল আৰু হাবি জংঘল কটাত সহযোগ কৰিলে কমাৰগাওঁ আৰক্ষী বাহিনীক । উল্লেখ যে আজি কিছুদিনৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী কমাৰগাওঁ মহাবিদ্যালয়লৈ যোৱা তিনিআলি পথৰ কাষে কাষে বহু হাবি জংঘল আৱৰি আছিল আৰু আৰক্ষী বিষয়া বিতুপন চুতীয়াই উক্ত পথটোত হাবি জংঘল খিনি দেখি আজি পুৱাই কাটি পৰিস্কাৰ কৰিলে । আৰক্ষী বিষয়া বিতুপন চুতীয়া কয় যে কমাৰগাওঁ খন পৰিস্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কমাৰগাওঁ আৰক্ষী থানাই প্ৰতি মাহে এটা দিন শ্ৰমদান কাৰ্য্যসূচী ৰূপায়ন কৰিব । আৰক্ষী বিষয়া বিতুপন চুতীয়া এই পদক্ষেপক স্থানীয় ৰাইজে প্ৰসংশা কৰিছে ।

Related Articles

Leave a Reply

Close