অসম

কলগাছিয়াত উত্তপ্ত পৰিস্থিতি

প্ৰথম খবৰ, মইনবড়ী: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰ দাৱনদীয়াত শহুৰেকৰ পৰিয়ালে জোৱাই শ্বাহজাহান আলীক হত্যা কৰি চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলি সন্দেহ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজে। ৰাইজে শহুৰ সোনা মিঞাৰ ঘৰ-বাৰীৰ লগতে সকলো সা-সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰে। উল্লেখ্যে যে, নিশা শ্বাহজাহান আলীয়ে শহুৰৰ ঘৰত গৈছিল যদিও ৰাতিপুৱা ৰাইজে শ্বাহজাহানৰ মৃতদেহ ঘৰৰ পিছফালে থকা বাহনিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে। পিছত ঘৰত কোনো মানুহ নথকাত শহুৰ সোনা মিঞা, পত্নী ছাহেৰা বেগম আৰু খুলশালী নজৰুল ইছলামে সম্পত্তিৰ লোভতে হত্যা কৰি চিপ লগাই আত্মহত্যাৰ ৰূপ দি ঘৰত তলা লগাই পলায়ন কৰা  বুলি সন্দেহ কৰিছে ৰাইজে। স্থানীয় ৰাইজে অপৰাধীক কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী কৰিছে যদিও আৰক্ষীক খবৰ দিয়াৰ পিছতো বাতৰি লিখা পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই স্থানীয় আৰক্ষী।

Related Articles

Leave a Reply

Close