অসম

কলগাছিয়াৰ খাৰবাল্লীত বেঁকী নৈৰ সুঁতিত ব্যাপক গৰাখহনীয়াঃ খহনীয়াত জাহ গ’ল ১০ পৰিয়ালৰ ঘৰ-বাৰী

প্ৰথম খবৰ, মইনবড়ী: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহচক্ৰ অঞ্চলত বেঁকী নৈৰ বানপানী কমিছে যদিও খাৰবাল্লী গাঁৱত বেঁকী নৈৰ সুঁতিৰ মাজত গড়কাপ্তানী বিভাগৰ নিৰ্মীয়মান অসম্পূৰ্ণ পথৰ বাবেই আৰম্ভ হৈছে ব্যাপক গৰাখহনীয়া। বেঁকী নদীৰ বানপানীয়ে বৃহত্তৰ অঞ্চলটোৰ শতাধিক গাঁৱৰ শস্য ভূমিৰ লগতে ঘৰ-দুৱাৰৰ ব্যাপক ক্ষতি সাধন হৈছে যদিও এতিয়ালৈ চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যাৱস্থা নকৰাৰ অভিযোগ উত্থাপন হৈছে। বানপানী কমি অহাৰ লগে লগে বেঁকী নৈৰ পৰা ওলাই অহা এটা সুঁতিত ব্যাপক গৰাখহনীয়া আৰম্ভ হৈ খাৰবাল্লী গাৱৰ ১০ টাকৈ  পৰিয়ালৰ ঘৰ উচন হোৱাৰ উপৰি আন ১০ টা পৰিয়াললৈ খহনীয়াৰ ভাবুকি সৃষ্টি হোৱাত নিজৰ ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। এইলোকসকলৰ অন্য ঠাইত মাটি নথকাত সম্প্ৰতি পথৰ মাজতে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। উল্লেখ্য যে, খহনীয়াই তাণ্ডৱ চলোৱা এই সুঁতিৰ মাজেৰে কিছুদিন পূৰ্বে গড়কাপ্তানী বিভাগে অদূৰদৰ্শীতাৰে পথ নিৰ্মাণ কৰাত এই খহনীয়াৰ সৃষ্টি হৈছে বুলি দাবী কৰিছে স্থানীয় লোকে। এই খহনীয়াগ্ৰস্ত ৰাইজক অতি শীঘ্ৰে সাহাৰ্য আৰু পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে বানাক্ৰান্তই।

Related Articles

Leave a Reply

Close