অসম

কলগাছিয়া আৰক্ষী থানাৰ উদ্যোগত বিশ্ব ড্ৰাগছ দিৱস উপলক্ষে সপ্তাহজোৰা কাৰ্য্যসূচীৰে Say no to Drugs শীৰ্ষক সজাগতা সমদল

প্ৰথম খবৰ, মইনবড়ী: বিশ্ব ড্ৰাগছ দিৱস উপলক্ষে কলগাছিয়া আৰক্ষী থানাৰ উদ্যোগত সপ্তাহজোৰা কাৰ্য্যসূচীৰ অংশ হিচাপে আজি Say no to Drugs শীৰ্ষক সজাগতা সমদল উলিয়ায়। নিচামুক্ত সমাজ গঢ়াৰ উদ্দেশ্যে কলগাছিয়া আৰক্ষী থানাৰ পৰা উলিওৱা এই কাৰ্য্যসূচীত বিদ্যালয় বন্ধ আৰু প্ৰতিকূল বতৰক নেওচি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সমদলত অংশ গ্ৰহণ কৰি ড্ৰাগছ সেৱন বন্ধ কৰক, নিচাযুক্ত সামগ্ৰী সেৱন বন্ধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । এখন নিচামুক্ত সমাজ গঢ়াৰ উদ্দেশ্যে উলিওৱা এই সমদলে সমাজত প্ৰভাৱ পৰিব বুলি দাবী কৰে কলগাছিয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়া সুভাষ চন্দ্ৰ ঘোষে।

Related Articles

Leave a Reply

Close