অসম

কাকৈ নদীৰ ভয়াৱহ বানৰ কবলত লখিমপুৰ জিলাৰ চাৰি খন গাঁৱৰ সহস্ৰাধিক লোক

প্ৰথম খবৰ,বগীনদী: লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় চাৰিখন গাঁৱৰ সহস্ৰাধিক লোক কাকৈ নদীৰ ভয়াবহ বানৰ কবলত পৰিছে। যোৱা কেইবাদিনৰো পৰা লেথাৰি নিচিঙাকৈ দি থকা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া কাকৈ নৈ খনে ৰাজহ চক্ৰ টোৰ কদম ন ভঙনীয়া, বাগান গাঁও, বড়ো আৰু হাজং গাঁৱত ভয়াবহ বানৰ সৃষ্টি কৰিছে। প্ৰায় প্ৰতি বছৰে এই গাঁৱকেইখনত কাকৈ নৈ খনে ভয়াবহ বানপানী সৃষ্টি কৰাৰ লগতে অঞ্চলটোত ব্যাপক ক্ষতিসাধন কৰি আহিছে যদিও স্থানীয় প্ৰশাসন তথা চৰকাৰে এই বান কবলিত অঞ্চলখনৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই। ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতিও কোনো দৰদ দেখুৱাবলৈকো আহৰি নাই ৰাজনেতা সকলৰ।

Related Articles

Leave a Reply

Close