অসম

কাজিৰঙাত বানৰ জটিল ৰূপ, ৩৭ ৰাষ্ট্রীয় ঘাইপথত বনবিভাগ-আৰক্ষীৰ যুটীয়া পহৰা

প্ৰথম খবৰ, কাজিৰঙা: ক্ৰমাৎ জটিল অৱস্থাৰ দিশে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি৷ বিগত তিনিদিন ধৰি অপৰিৱৰ্তিত অৱস্থাত থকা কাজিৰঙাৰ বানপানীয়ে নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ ফেনে-ফুটুকাৰে বাঢ়ি জটিল ৰূপ ধাৰণ কৰিছে৷ ইতিমধ্যে, উদ্যানখনৰ কহঁৰা, বাগৰি, বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চলৰ ৯০ টাতকৈ অধিক বনশিবিৰৰ চাঙৰ তলেদি পানী বাগৰিছে ৷ উদ্যানৰ অন্তৰ্ভাগৰ পৰা বন্যপ্ৰাণীসমূহ উৱাদিহ হেৰুৱাই উদ্যানৰ বাহিৰলৈ ওলাই আহিছে৷ উদ্যানৰ দক্ষিণৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত যাতে বন্যপ্ৰাণীসমূহ বিপদত নপৰে তাৰ বাবে এনিমেল ক’ৰিডৰসমূহত ঠায়ে ঠায়ে বেৰিকেড দিয়াৰ লগতে নিশাৰ ভাগত টাইম কাৰ্ডৰ প্ৰৱৰ্তন কৰিছে বনবিভাগে৷ পথৰ কাষত আহি বন্যপ্ৰাণীসমূহে আশ্ৰয় লোৱাত পথৰ কাষত বনকৰ্মী আৰু আৰক্ষীয়ে পহৰা দিয়াৰ লগতে উদ্যানৰ অন্তৰ্ভাগত নাৱেৰে পহৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে থকা কাৰ্বি পাহাৰলৈ যোৱা বন্যপ্ৰাণীসমূহক নিৰাপত্তা দিবলৈ কাৰ্বিআংলং বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়াভাবে দিনে-ৰাতিয়ে পহৰাৰ ব্যৱস্থা অব্যাহত ৰাখিছে। চলিত বানত এই পৰ্যন্ত ২টা পহু পানীত বুৰি আৰু ৪টা পহু গাড়ীৰ খুন্দাত মৃত্যু হৈছে ৷

Related Articles

Leave a Reply

Close