অসমশীৰ্ষ

কাজিৰঙাত হলৌ বান্দৰ আৰু কিশোৰৰ আত্মীয়তা

প্ৰথম খবৰ, কাজিৰঙা: কাজিৰঙাত এক মনোৰম দৃশ্য ৷ দৃশ্যটোৱে নিশব্দে যেন বহু কথা কৈ গৈছে ৷ এজোপা গছত এটা হলৌ বান্দৰ আৰু কাষত এটা কিশোৰ ৷ মেথনি চাহ বাগিচাৰ এই কিশোৰ জনৰ নাম কৃষ্ণ কৰ্মকাৰ। কিশোৰটোৱে বান্দৰটোক যি দিছে তাকে খাইছে, যেন সিহতৰ মাজৰ বন্ধুত্ব বহু পুৰণি ৷ কিশোৰজনে গছৰ ওপৰত উঠি একেটা ডালতে বহি বান্দৰটোৰ গাত হাত দি খজুৱাই দিছে আৰু সমান্তৰাল ভাৱে খুৱাই দিছে। জানিব পৰা মতে, প্ৰায় দুবছৰ পূৰ্বে অকলশৰীয়া অৱস্থাত উদ্ধাৰ হোৱা হলৌ বান্দৰটো কাজিৰঙা পানবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰই শুশ্ৰূষা কৰে। পোৱালি অৱস্থাতে উদ্ধাৰ হোৱা হলৌ বান্দৰটো বৰ্তমান মুক্ত বিচৰণৰ বাবে উপযুক্ত হৈ উঠাত বান্দৰটোক পানবাৰী সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে। কিন্তু ইতিমধ্যে মানুহৰ সংস্পৰ্শত ডাঙৰ দীঘল হোৱা বান্দৰটোৱে পুনৰ জনাঞ্চলত আশ্ৰয় লয়। গতিকে বান্দৰটোৱে মানুহক অপকাৰ কৰা আশংকা কৰি বন বিভাগৰ লোকে শূন্য লৈ গুলি ফুটাই জনাঞ্চলৰ পৰা খেদি পঠিয়ায় ৷

Related Articles

Leave a Reply

Close