অসম

কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত ভুঁই উৎসৱ আয়োজন

প্ৰথম খবৰ, কাজিৰঙা: শুকুৰবাৰৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ উদ্যোগত কাজিৰঙাত উদযাপন কৰা হৈছে ন-ভূঁই উৎসৱ। শুকুৰবাৰে কৃষক, স্থানীয় ৰাইজ, বিভিন্ন স্কুল কলেজৰ ছাত্র-ছাত্ৰী, সাংবাদিক আদিকে ধৰি প্ৰায় ২০০ লোকৰ উপস্থিতিত উৎসৱৰ উদ্বোধন কৰে কৃষক নেতা অখিল গগৈয়ে। উল্লেখযোগ্য যে, অহা তিনি দিনলৈ চলিব এই উৎসৱ । কৃষক নেতা অখিল গগৈয়ে জনাই যে এই উৎসৱৰ জৰিয়তে প্রায় ৬০ বিঘা মাটিত ২২০ বিধ থলুৱা ধান ৰোপণ কৰা হব, আৰু ইয়াৰ উদ্দেশ্য নৱ প্ৰজন্মক ক্ৰমান্নয়ে হেৰাই যাব ধৰা থলুৱা কৃষি পদ্ধতিৰে চিনাকি কৰি দিয়া। এই উৎসৱত কাষেৰে বৈ যোৱা এটা জুৰিত সাঁতোৰ প্ৰতিযোগিতা, পানীত ডুব মৰা , মল্ল যুঁজ আদিত অংশ লৈ যথেষ্ট আনন্দ কৰে কৃষক নেতা গৰাকীয়ে। য’ত সতীৰ্থৰ সৈতে হোৱা মল্লযুঁজত ধাৰাসায়ী হয় কৃষক নেতা গৰাকী।

Related Articles

Leave a Reply

Close