অসম

কামপুৰত পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা : চালকক উত্তম মধ্যম, পথ অৱৰোধ

প্ৰথম খবৰ,কামপুৰ: বুধবাৰে কামপুৰ কঠিয়াতলী সংযোগী পথৰ কঠালগুৰিত এক পথ দূৰ্ঘটনাক কেন্দ্র কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা । তীব্ৰ বেগী এখন ট্ৰেভেলাই মহতীয়াই নিলে স্কুটি আৰোহীক ।দূৰ্ঘটনাৰ সংঘটিত কৰি পলায়ন কৰা ট্ৰেভেলাৰ খনৰ চালকক কামপুৰ বজাৰত ৰাইজে আটক কৰি উত্তম মধ্যম সোধাই গতাই দিয়ে আৰক্ষীক । ইফালে ঘটনাৰ স্থলিত আৰক্ষী বহু পলমকৈ উপস্থিত হোৱাত একাংশ ৰাইজ ক্ষোভিত হৈ এক ঘন্টা ধৰি অৱৰোধ কৰে কামপুৰ কঠিয়াতলী সংযোগী পথ ।
জানিব পৰা মতে কামপুৰ কঠাঁলগুৰিত এক পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা সৃষ্টি হয় । নগাৱৰ পৰা কামপুৰ অভিমুখে তীব্ৰ বেগত আহি থকা AS02-AC-7608নম্বৰৰ এখন ট্ৰেভেলাৰে মহতিয়াই নিলে স্কুটি আৰোহিক । দূৰ্ঘটনাৰ সংঘটিত কৰি পলায়ণ কৰা ট্ৰেভেলাৰ খনৰ চালক জনক কামপুৰ বজাৰত ৰাইজে আটক উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে । আনহাতে খবৰ দিয়াৰ পাছতো ঘটনাৰ স্থলিত আৰক্ষী বহু পলমকৈ উপস্থিত হোৱাত স্থানীয় ৰাইজ ক্ষুব্ধহৈ কামপুৰ কঠিয়াতলী সংযোগী পথ এক ঘন্টা ধৰি অৱৰোধ কৰে । যাৰ বাবে বহু সময় ধৰি আবদ্ধ হয় যান বাহন চলাচল । ইফালে দূৰ্ঘটনাত পতিত হোৱা স্কুটি আৰোহি যগেশ্বৰ চাংমাইক সংকট জনক অৱস্থাত নগাঁৱৰলৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে সুৰাপান কৰি গাড়ী চলোৱাৰ বাবেই এই পথ দূৰ্ঘটনাটো সংঘটিত কৰে ট্ৰেভেলাখনৰ চালকজনে ।

Related Articles

Leave a Reply

Close