অসম
কামপুৰৰ বিষ্ণুপুৰী থানৰ তথ্যচিত্ৰ উন্মোচন

প্ৰথম খবৰ, কামপুৰ: নগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ আৰু থানত দেওবাৰে থানখনৰ লগত জড়িত হৈ থকা সমল সমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আগত ৰাখি প্ৰস্তুত কৰা এখনি তথ্য চিত্ৰ উন্মোচন কৰা হয়। তথ্যচিত্ৰ খন উন্মোচন কৰে গৱেষক নৰেণ কলিতাই। উল্লেখ্য যে বহু ইতিহাস জড়িত আছে বিষ্ণুপুৰি স্থানত যি বোৰৰ সংৰক্ষণৰ অভাৱত জহি খহি গৈছে।