অসম

কাৰ্বিআংলঙৰ ফুলনিত দুৰ্ঘটনা: নিহত ১

প্ৰথম খবৰ, হাওৰাঘাট: কাৰ্বি পাহাৰৰ ফুলনিৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ পথ দূৰ্ঘটনা। দেওবাৰে এখন ১০৮ এম্বুলেঞ্চ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত তিনিজনলোক গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে আজি বিয়লি পুনৰ ফুলনিত সংঘটিত আন এক শোকাৱহ পথ দূৰ্ঘটনা।
মবাইল টাৱাৰৰ বাবে ডিজেল কঢ়িওৱা AS 09 AC 0591 নম্বৰৰ এখন তীব্ৰ বেগী বলেৰ’ গাড়ীয়ে খুন্দা মাৰে এগৰাকী মহিলাক। গুৰুতৰভাৱে আহত মহিলা গৰাকীক ততালিকে সংবাদকৰ্মীৰ সহযোগত ফুলনি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়তেই কৰুণ মৃত্যুক আকোঁৱালি লয় মহিলাগৰাকীয়ে।
মৃত মহিলাগৰাকী ফুলনিৰ বাৰী লেকথেপী বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, দূৰ্ঘটনা সংঘটিত কৰিয়েই গাড়ীখনৰ চালকে গাড়ী এৰি পলাই যায়।
পৰৱৰ্তী সময়ত লৰেংথিপি আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

Related Articles

Leave a Reply

Close