অসম

গহপুৰৰ দক্ষিণ জয়পুৰত বিনামূলীয়া চিকিৎসা শিবিৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি হেলেম ৰাজহ চক্ৰৰ অন্তর্গত বান বিধ্বস্ত দক্ষিণ জয়পুৰত গহপুৰ মহকুমাৰ মহকুমাধিপতি ড০ ইন্দ্ৰানীস দাসৰ তৎপৰতাত এটি স্বাস্থ্য শিবিৰৰ অায়োজন কৰা হয়। শিবিৰটোত ডা:অভিনন্দন দাস, ডা: ৰিচাৰ্ড বাৰ্লাই ১২৪ জন লোকক পৰীক্ষা কৰি প্ৰয়োজনীয় সকলো ঔষধ যোগান ধৰে। অধিকাংশ ৰোগী জ্বৰ, গ্ৰহণী, আৰ টি আই আৰু খজুৱতিকে ধৰি অন্যান্য ছালৰ ৰোগত আক্ৰান্ত বুলি ফাৰ্মাচীষ্ট সুমিত দেৰ পৰা জানিব পৰা গৈছে। উক্ত স্বাস্থ্য শিবিৰত গহপুৰ মহকুমাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উপদেষ্টা বিপুল হীৰা, সভাপতি(ভাৰপ্ৰাপ্ত) বিশ্ব দাস, সম্পাদক কল্পজ্যোতি দাস, বিশ্বনাথ জিলাৰ সম্পাদক শৰৎ দাস, ডিপৰা শাখা সমিতিৰ সভাপতি প্ৰাঞ্জল দাস উপস্থিত থাকি সহায় সহযোগ কৰে। স্থানীয় ৰাইজক গহপুৰ ঘগৰা তিনিআলিৰ ৰাজীৱ বৰাই ব্যক্তিগত ভাৱেও বান সাহাৰ্য প্ৰদান কৰে।

Related Articles

Leave a Reply

Close