অসম

গহপুৰ প্ৰশাসনৰে অসম কলেজ শিক্ষক সংস্থাৰ বানসাহায্য সম্পৰ্কীয় আলোচনা

নিউজ ডেস্ক, প্ৰথম খবৰ: বান সাহায্য সম্পৰ্কীয় পূৰ্ব ঘোষিত কাৰ্যসূচী অনুসৰি আজি অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি ডঃ ক্ষীৰেশ্বৰ বৰা আৰু কেন্দ্ৰীয় সদস্য অশ্বিনী কুমাৰ ডেকা ডঃ দুলাল মহন্তৰ নেতৃত্বত শোণিতপুৰ মাণ্ডলিক সমিতি তথা ছয়দুৱাৰ কলেজ শিক্ষক গোটৰ সহযোগত আজি গহপুৰৰ মহকুমাধিপতিৰ লগত বানসাহায্য; বানপানীৰ পৰৱৰ্তী পৰ্যায়; ছাত্ৰছাত্ৰীৰ শৈক্ষিক দিশ আদি বিষয়ত বিশদ আলোচনাত মিলিত কৰা হয়। এগৰাকী মহিলা প্ৰশাসনিক বিষয়া হৈয়ো মহকুমাধিপতিগৰাকীয়ে প্ৰতিটো দিশতে গ্ৰহণ কৰা ব্যৱস্থা আৰু আতিথ্যই কলেজ শিক্ষক সংস্থাৰ প্ৰতিনিধিসকলক অভিভূত কৰে।

উল্লেখযোগ্য যে অহা সোমবাৰে বানপানী সম্পৰ্কীয় পৰ্যালোচনা বৈঠকলৈ ছয়দুৱাৰ কলেজ শিক্ষকগোটৰ প্ৰতিনিধি সকলক নিমন্ত্ৰণ কৰি পৰৱৰ্তী পৰিস্থিত মোকাবিলা কৰা হ’ব বুলি তেখেতে প্ৰতিনিধি দলটোক জনায়। এই সৌহাৰ্দপূৰ্ণ আলোচনাত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ তালুকদাৰৰ নেতৃত্বত ছাত্ৰ -ছাত্ৰীৰ বান সাহায্যকাৰী দল এটাৰ লগতে শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি ভূৱন শইকীয়া উপস্থিত থাকে৷

ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক দুলাল শইকীয়া, লিলি বৰদলৈ, জয়দেৱ দত্ত, মাধৱ বৰা, ৰঞ্জিত কামান আদি উপস্থিত থাকে৷উল্লেখ্য যে ছয়দুৱাৰ কলেজৰ কেইবাটাও শ্ৰেণী কোঠা থকা ঘৰ বানপানীয়ে ব্যাপক ক্ষতিকৰা সম্পৰ্কত অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজাৰে আন এক আলোচনা হয়৷

দ্বিতীয় পৰ্যায়ত লক্ষীমপুৰ মাণ্ডলিক সমিতিৰ সভাপতি ডা° হৰিনাৰায়ণ শৰ্মা, সম্পাদক সঞ্জীৱ ফুকন, মহিলাকোষৰ আহ্বায়িকা লিলি চেলেং, অধ্যাপক প্ৰণৱ কুমাৰ হাজৰিকা, দেৱজ্যোতি ভূঞা, জীৱেধৰ নাথ, ড° দেৱ শইকীয়া, মহেন্দ্ৰ হাজৰিকা, দেৱজ্যোতি চেতিয়া আদিৰ সহযোগত হাতীলোং অঞ্চলত বানাক্ৰান্তৰ মাজত খাদ্যসামগ্ৰী বিতৰণ কৰা হয়৷লক্ষীমপুৰৰ উপায়ুক্ত বৰুণ ভূঞাৰ লগত সাম্প্ৰতিক সময়ত ৰঙানদী প্ৰকল্পৰ পাৰ্শ্বক্ৰিয়াৰূপে সৃষ্টিহোৱা আকস্মিক আৰু প্ৰলয়ংকাৰী বানপানীৰ প্ৰতিৰোধ কল্পে গঠনমূলক আলোচনা কৰা হয়৷উল্লেখ যে অসম কলেজ শিক্ষক সংস্থাৰ এনে কাৰ্যসূচী উপায়ুক্ত গৰাকীয়ে শলাগ লয় আৰু ভৱিষ্যতে সমন্বয়ৰে কাম কৰি যোৱাৰ কথা ব্যক্ত কৰে৷ইতিমধ্যে জিলাখনত ৰাজ্যপালে ভ্ৰমণ কৰি পৰিস্থিতি মোকাবিলা কৰাৰ চেষ্টা কৰি আছে ।অসম কলেজ শিক্ষক সংস্থাৰ অশ্বিনী কুমাৰ ডেকাই আমালৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে এই খিনি কথা জনাইছে।

Related Articles

Leave a Reply

Close