অসমশীৰ্ষ

গুৱাহাটীত ইউ পি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মীৰা কুমাৰ

প্ৰথম খবৰ,বেলতলা: আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিজেপি বিৰোধী তথা ইউপিএৰ মনোনীত প্ৰাৰ্থী মীৰা কুমাৰে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে আহিছে উত্তৰ-পূৰ্বাঞ্চলত । মঙ্গলবাৰে নিশা গুৱাহাটীৰ জালুকবাৰীৰ পঞ্চতাৰকা হোটেল ৰেডিশ্যন ব্লুত থাকিব প্ৰাক্তন লোকসভাৰ অধ্যক্ষা গৰাকী ৷ বিমান বন্দৰৰ পিছত হোটেল ৰেডিশ্যন ব্লুত বিৰোধী প্ৰাৰ্থী গৰাকীক উষ্ম আদৰণি জনালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। প্ৰতিটো বিৰোধী দলৰ বিধায়ক আৰু কৰ্মীযে গামোচা, জাপি আৰু ফুলৰ থোপাৰে ৰাষ্ট্ৰপতি প্ৰাৰ্থী গৰাকীক জনালে আদৰণি । বুধবাৰে পুৱাই মীৰা কুমাৰ ৰাওনা হব শ্বিলঙলৈ, তাত বিধায়কৰ সতে এখন দলীয় সভাত অংশ লৈ প্ৰাৰ্থী গৰাকীয়ে গুৱাহাটীত এখনি প্ৰচাৰ কাৰ্য্যসূচীত অংশ লব । ইফালে, মীৰা কুমাৰে হোটেলত সাংবাদিকৰ সৈতে মিলিত হৈ উত্তৰ-পূৰ্বাঞ্চলত প্ৰচাৰ অভিযান চলাই ইয়াৰ পৰা পোনে পোনে বিহাৰলৈ ৰাওনা হব বুলি জানিবলৈ দিয়ে ৷

Related Articles

Leave a Reply

Close