অসম

গুৱাহাটীত বাক্সাৰ যুৱকৰ ৰহস্যজনক মৃত্যু, হত্যাৰ অভিযোগ পৰিয়ালৰ

প্ৰথম খবৰ, মুছলপুৰ: গুৱাহাটী মহানগৰীৰ এপাৰ্টমেন্টত বাক্সাৰ এগৰাকী যুৱকৰ সন্দেহজনক মৃত্যুক লৈ সমগ্ৰ ডুমুনী অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ পৰিয়ালৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যাকাণ্ড৷ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ কৰমতলীৰ এগৰাকী যুৱকৰ ৰহস্যজনক মৃত্যুত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ অৰুণোদয় এনক্লেভ এপাৰ্টমেন্টত আজি পুৱা উদ্ধাৰ হোৱা মৃতদেহটো বাক্সা জিলাৰ শিমলা থানাৰ অন্তৰ্গত কৰমতলী গাঁৱৰ কৃষ্ণ কলিতাৰ পুত্ৰ ধনজিৎ কলিতা বুলি চিনাক্ত কৰা হৈছে৷ ইতিমধ্যে মৃত ধনজিৎৰ পৰিয়ালে এয়া পৰিকল্পিত হত্যাৰ অভিযোগ উত্থাপন কৰি ন্যায়ৰ দাবী জনাইছে৷ উল্লেখ্য যে, অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ধনজিতে দুবছৰ পূৰ্বে কৰ্মৰ সন্ধানত ওলায় গৈছিল গুৱাহাটী মহানগৰীলৈ। বিগত এবছৰ ধৰি ধনজিতে মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ অৰুণোদয় এপাৰ্টমেন্টত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল। অতি শান্ত প্ৰকৃতিৰ যুৱক ধনজিৎ কলিতাৰ মৃতদেহ আজি এপাৰ্টমেন্টৰ তলত ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বাক্সাৰ কৰমতলী গাঁৱত ধনজিতৰ মৃত্যুৰ খবৰ বিয়পি পৰাত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷ পৰিয়ালৰ অভিযোগ ধনজিতক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে ৷ তেওঁলোকৰ দাবী দোষীক বিচাৰি উলিয়াই উচিত শাস্তি প্ৰদান কৰিব লাগে৷ জানিব পৰা মতে, বুধবাৰে নিশা ধনজিতৰ সৈতে এপাৰ্টমেন্টৰ মালিকৰ এক কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু আজি হঠাৎ ধনজিতৰ মৃতদেহ উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি কৰিছে৷ এতিয়া প্ৰশ্ন হয় শান্ত প্ৰকৃতিৰ ধনজিৎ কলিতাক কোনে, কিয়, কিহৰ বাবে হত্যা কৰিলে ৷ আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব ধনজিতৰ মৃত্যুৰ ৰহস্য ৷

Related Articles

Leave a Reply

Close