অসম

গোসাঁইগাঁৱত দুই লক্ষাধিক টকাৰ শাল কাঠৰ কুণ্ডা সহ ভূটান ট্ৰাক জব্দ

প্ৰথম খবৰ, গোসাঁইগাঁও: কচুগাঁও বনাঞ্চলৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰিবলৈ অনা আঠডাল শাল কাঠৰ কুণ্ডা সহ ভূটানৰ BP1-0742 নম্বৰৰ আইছাৰ ট্ৰাক যোৱা নিশা এছ এছ বি, গ্ৰীণ ফৰেষ্ট কনঞ্জাৰ্ভেচন(NGO) আৰু বন বিভাগে যৌথ অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ৷ গোসাঁইগাঁও মহকুমাৰ ভাৰত ভূটান সীমান্তস্থিত অক্সিগুৰী ৰাঙাপাৰা গাঁৱত এক বিশেষ সুত্ৰৰ পম খেদি যোৱা নিশা এছ এছ বি’য়ে কাঠৰ কুণ্ডা সহ আইছাৰ ট্ৰাকখন জব্দ কৰি বন বিভাগক গতাই দিয়ে। ইপিনে এছ এছ বি’ৰ অভিযানৰ পূৰ্বে চোৰাং ব্যৱসায়ীসকল পলায়ন কৰে৷ চোৰাং কাঠ সহ ট্ৰাক খন সম্প্ৰতি কচুগাঁও বন সংমণ্ডলৰ কাৰ্য্যালয়ত ৰখা হৈছে৷ চোৰাং শাল কাঠৰ কুণ্ডা সমূহৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক হ’ব বুলি ৰাইমানা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত ৰেঞ্জাৰ চাংমা নাৰ্জাৰীয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে, ভূটানৰ ট্ৰাক ব্যৱহাৰ কৰি চোৰাং ব্যৱসায়ীয়ে মূল্যৱান কাঠসমূহ পাৰাপাৰ কৰি অহাৰ পিছতো বন বিভাগৰ এই চোৰাং ব্যৱসায়ী সকলক নাকী লগাবলৈ সক্ষম হোৱা নাই৷ আনহাতেদি বন বিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিয়ে অবৈধভাৱে কাঠ সৰবৰাহ অব্যাহত ৰাখিছে যদিও এনে চোৰাং ব্যৱসায়ীৰ লগত জড়িত ব্যৱসায়ীসকলক আটক কৰিবলৈ সক্ষম নহয় বন বিভাগ।

 

Related Articles

Leave a Reply

Close