অসম

গোৱালপাৰাত পাঁচ লক্ষাধিক টকাৰ গাঞ্জা জব্দ, তিনিজন আটক

প্ৰথম খবৰ, আগিয়া: সন্মুখত স্বাধীনতা দিৱস চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা অথচ এই নিৰাপত্তা ব্যস্তনীৰ মাজতে সুদূৰ গুৱাহাটীৰ পৰা গোৱালপাৰা চহৰলৈ ১৫০ কি:মি: দূৰত্ব অতিক্ৰম কৰি বিহাৰ আৰু ত্ৰিপুৰাৰ পৰা তিনিজন গাঞ্জা ব্যৱসায়ীয়ে গাঞ্জা কঢ়িয়াই আনি থকাৰ মুহূৰ্ততে গোৱালপাৰা আৰক্ষীৰ হাতত আটক হয়।

প্ৰাপ্ত বাতৰি মতে,  AS 01/ HC 3999 শিৱ শঙ্কৰ নামৰ যাত্ৰীবাহী গুৱাহাটী বাছ এখনত গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী যাত্ৰীবাহী বাছখনত আজি ৰাতিপুৱা ১০:৩০ বজাত গোৱালপাৰা আৰক্ষী থানাৰ অন্তৰ্গত ভালুকডুবিত অসম আৰক্ষী আৰু চি আৰ পি জোৱানৰ যৌথ তালাচি অভিযান চলাই থকাৰ মুহূর্তত আৰক্ষীয়ে চাৰিটা বেগত কঢ়িয়াই অনা ২২ পেকেট গাঞ্জা জব্দ কৰে। জব্দকৃত গাঞ্জা খিনিৰ বজাৰ মূল্য প্ৰায় পাঁচ লাখ বুলি অনুমান কৰা হৈছে।

আনপিনে এই গাঞ্জা খিনিৰ সৈতে আৰক্ষীয়ে তিনিজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰাং ব্যৱসায়ী তিনিজন ক্ৰমে বিহাৰৰ শঙ্কৰদীপ ৰায় (৬৪ ) , ত্ৰিপুৰাৰ অঙ্কুৰদীপ নাথ (২৯) আৰু অপু সাহা (৩০)। ধৃত চোৰাং ব্যৱসায়ীৰ লগতে জব্দকৃত গাঞ্জা খিনি গোৱালপাৰা সদৰ আৰক্ষী থানালৈ আনে।

উল্লেখ্য যে, যিহেতু সন্মুখত স্বাধীনতা দিৱস সেই গতিকে সমগ্র ঠাইতে তালাচি অভিযান চলাই থকাৰ মুহূৰ্তত এই ব্যৱসায়ী কেইজনে সমগ্র অঞ্চলৰ আৰক্ষীৰ চকুত কেনেকৈ ধূলি দিলে সেইটোৱেই প্ৰশ্ন ৰাইজৰ মনত। অৱশ্যে গোৱালপাৰা আৰক্ষী থানাৰ হাবিলদাৰ শ্বৰ্বেছ আলি এই ক্ষেত্ৰত কিছু সক্ৰিয় ভূমিকা লোৱা দেখা গ’ল।

Related Articles

Leave a Reply

Close