অসম

গোৱালপাৰাৰ শিমলীতোলাত বাঢ়নী পানীত পৰি শিক্ষকৰ মৃত্যু

প্ৰথম খবৰ,নগৰবেৰা: নগৰবেৰাৰ পাৰ্শ্বৱৰ্ত্তী এলেকাৰ গোৱালপাৰা জিলাৰ শিমলীতোলা চাহ বাগিচাত সংঘটিত হয় এক শোকাৱহ ঘটনা । বৃহস্পতিবাৰে বাগিচাখনৰ ৰা়জেশ বাখলা নামৰ ৩২ বছৰীয়া এজন যুৱকৰ বাঢ়নি পানীৰ সোঁতত পৰি শোকাৱহ মৃত্যু হয় । শিমলীতোলা ইংলিছ একাডেমিৰ শিক্ষক ৰাজেশ বাখলা বাগিচাখনত থকা এটা কালভাৰ্টৰ সোঁতত গা ধুই থকা অৱস্থাত বাঢ়নি পানীৰ তীব্ৰ সোতে উটুৱাই নিয়ে যুৱকজনক । পিছত বাগিচাৰ অন্যান্য লোকৰ সহযোগত পৰিয়ালৰ লোকে ৰাজেশক উদ্ধাৰ কৰি শিমলীতোলা কে এন মেধি মেমৰিয়েল ৰাজ্যিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষনা কৰে । বাগিচাৰ এগৰাকী শিক্ষিত যুৱকৰ এনে অকাল মৃত্যুৱে শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে বাগিছাখনত ৷

Related Articles

Leave a Reply

Close