অসম

গোৱালপাৰা প্ৰাথমিক শিক্ষাৰ কৰুণ ছবি

প্ৰথম খবৰ, কৃষ্ণাই: ৰাজ্যৰ শিক্ষা বিভাগে গোৱালপাৰা জিলাতো গুণোৎসৱ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে জিলাখনৰ প্ৰাথমিক শিক্ষাখণ্ডৰ কৰুণ ছবি এখন পোহৰলৈ আহিছে৷ প্ৰাপ্ত খবৰ অনুসৰি, গোৱালপাৰা চহৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দূৰৈত অৱস্থিত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমানে এক পয়ালগা অৱস্থা৷ বিদ্যালয় খনৰ নাম সোণাপুৰ প্ৰাথমিক বিদ্যালয় ৷ এই বিদ্যালয় খনত শিক্ষানুষ্ঠান এখনত থাকিবলগীয়া কোনো সুবিধাই নাই৷ দুৰ্বল আন্তঃগাঁথনিৰে থৰক বৰক বিদ্যালয়খনৰ এটা পকী গৃহৰো অভাৱ৷ গোহালি সদৃশ পৰিৱেশত চলি থকা বিদ্যালয়খনৰ শীঘ্ৰে উন্নয়নৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷

Related Articles

Leave a Reply

Close