অসম

গৌৰীপুৰৰ মহামায়া পুখুৰীত জাপ দি এজন যুৱকৰ মৃত্যু

প্ৰথম খবৰ, গৌৰীপুৰ: ধুবুৰীৰ গৌৰীপুৰৰ মহামায়া পুখুৰীত আজি সন্ধিয়া প্ৰায় ৭বজাত জাপ দিয়ে এজন যুৱকে। যুৱকজনৰ নাম প্ৰনৱ জ্যোতি নাথ। এয়া এক আত্মহত্যাৰ চেষ্ঠা বুলি ৰাইজে সন্দেহ কৰে। পিছত ঘটনাস্থলীত SDRF আৰু আৰক্ষীয়ে অভিযান চলাই মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃত যুৱকজন পেচাত ই-ৰিক্সা চালক আছিল।মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।আৰক্ষীয়ে মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Close