অসম

গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ সামৰণি অনুষ্ঠান

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: আজি বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিশ্বনাথ ঘাট শাখা ছাত্ৰ সন্থাৰ সহযোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সা:সম্পাদক শ্ৰী ভাস্কৰ চমুৱা আগবঢ়োৱা সভাখনত সভাপতিত্ব কৰে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী বিক্ৰম বিকাশ বৰাই। উক্ত অনুষ্ঠানতে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা শ্ৰী ৰূপম দাসে ছাত্ৰ সন্থাৰ দৃষ্টিভংগীৰ ওপৰত বক্তব্য ৰাখে।

বিশ্বনাথ ঘাট প্ৰাথমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী ধন চন্দ্ৰ দাস, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰী নাৰায়ণ দাস, ফকৰুদ্দিন আলী আহমেদ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰী সম্ভু ঘোষ, বুবু ইছলাম, মনোজ বৰুৱা প্ৰমুখ্যে কৰি সেই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী উক্ত অনুষ্ঠানৰ ওপৰত বহলাই বক্তব্য ৰাখে। ১৫০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানৰ শেষত পৰীক্ষা অনুষ্ঠিত কৰাত ৩০গৰাকী প্রশিক্ষাৰ্থীয়ে উত্তীৰ্ণ হয় আৰু আজি এই অনুষ্ঠানতে সকলোকে প্ৰমাণ পত্ৰ, এজোপা গছ পুলি লগতে বঁটা প্ৰদান কৰা হয়।

বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিশ্বনাথ ঘাট শাখা ছাত্ৰ সন্থাৰ সমূহ সদস্য উপস্থিত থাকে। শেষত অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’ গীতৰে অনুষ্ঠানৰ অন্ত হয়।

 

Related Articles

Leave a Reply

Close