অসম

চতিয়াত বিশ্ব জনসংখ্যা দিৱস পালন

প্ৰথম খবৰ, চতিয়া: আজি বিশ্ব জনসংখ্যা দিৱস। বৰ্তমান সময়ত এক বৃহৎ সমস্যা হৈছে বৰ্দ্ধিত জনসংখ্যা। জনসংখ্যা নিয়ন্ত্ৰণৰ বাবেই আজিৰ দিনটো বিশ্ব স্বাস্থ্য সন্থাই আজিৰ দিনটো বিশ্ব জনসংখ্যা দিৱস হিচাবে পালন কৰি আহিছে। চতিয়াৰ দক্ষিণ অঞ্চলত আজি অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় এই দিৱস। বিশ্ব জনসংখ্যা দিৱসৰ উপলক্ষে উলিওৱা শোভা যাত্ৰাৰ ফ্লেগ অফ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। যি সময়ত চৰ অঞ্চলসমূহত বেজিৰ আতংকৰ সৃষ্টি কৰাৰ বাতৰি প্ৰচাৰ হৈ আহিছিল সেই সময়তে চতিয়াৰ চৰ অঞ্চলত আজিৰ এই কাৰ্যসূচী সফলভাৱে ৰূপায়ন হোৱাৰ লগতে ৰাইজৰ সহযোগিতা আছিল অভূতপুৰ্ব। এই জনসংখ্যা দিৱসৰ কাৰ্যসূচীৰ লগতে আজি এই অঞ্চলত বিভাগে আয়োজন কৰে এক স্বাস্থ্য শিবিৰ।

 

Related Articles

Leave a Reply

Close