কবিতা

চাকৰিৰ বজাৰ

নিবিড় অনুৰাগ মানস

বিষয়: মোক এটা চাকৰি লাগে

ভঙা ছিঙা বেপাৰৰ বাবে নহয়
আই-পিতাইয়ে মোক দেখি টোপনি যাবলৈ …।

পূৰ্বৰাগ: ফুচফুচাই এৰি যোৱা সময়বোৰে মোক
হাতে পাঁচে বাৰ কৰি
কেইবাহাজাৰো শাও দিলে –
মই শুনি থাকিলোঁ।

মোৰ কথাঃ ইমানেই শাও দিলে, গালি দিলে
মোৰ মুখ চাই বালিমাহী এজনীও দেখোন নানাছিলে!

নিগনিৰ জাকে জাকে মোৰ
একমাত্ৰ কামিজটোও দেখোন কুটিলে।

ৰজাঘৰৰ ৰংঃ এদিন ৰজাৰ দেশৰ ঢৌ দেখিলোঁ
চাকৰিৰ বজাৰ বান্ধি ৰজাই
মৰণা মাৰিলে সপোনৰ ঔষধৰ…

বজাৰত গ্ৰাহক বাঢ়িল
লগোৱা লিকচৌৰ চাকৰি বেচিবলৈ
বিদেশৰ জাকে জাকে চাহাব আহিল

মোৰ স্থিতি: পথৰ দাঁতিত ওলমি থকা
ৰজাৰ ছবিখনলৈ চালোঁ
আৰু হাতখন জেপত ভৰাই
দুঘন্টা বৰষুণৰ তাঁতশাল সাজিলোঁ

মই আকৌ এজাক শগুণৰ শাও খালোঁ।

সামৰণি: মই এতিয়া কি কৰোঁ
শগুণ হ’ব নাজানি
শ হে হ’লোঁ …

চিঠি লিখিব নিশিকি
অৰণ্যৰ মাজত চেকুৰি ফুৰিলোঁ ।

মই  এতিয়া নাজানোঁ
মই কি কৰোঁ।

Related Articles

Leave a Reply

Close