অসম

চাৰিদুৱাৰত গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত ৯ বছৰীয়া কিশোৰ

প্ৰথম খবৰ,বালিপৰা: শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰিদুৱাৰৰ গড়মৰা চেন্টাৰত আজি সংঘটিত এক পথ দুৰ্ঘটনাত বল্ডাৰ কঢ়িওৱা গাড়ীৰ খুন্দাত এজন ন-বছৰীয়া কিশোৰ গুৰুতৰভাৱে আহত হোৱাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।জানিব পৰা মতে, আজি সন্ধ্যা প্ৰায় সাত বজাত চাইকেলেৰে চেন্টাৰলৈ আহি থকা অৱস্থাত AS12-AC-5116 নম্বৰৰ এখন তীব্ৰবেগী তথা বল্ডাৰ কঢ়িয়াই নিয়া ট্ৰাকে এজন ন-বছৰীয়া কিশোৰক খুন্দিওৱাৰ ফলত কিশোৰজনে ভৰিত গুৰুতৰ আঘাত পায় ।স্থানীয় ৰাইজৰ সহযোগত কিশোৰটিক প্ৰথমে চাৰিদুৱাৰ গ্ৰাম্য স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসকে প্ৰেৰণ কৰিছে। ।গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰটি বিবেক বাছফৰ বুলি জানিব পৰা গৈছে। ইপিনে, ঘটনা সংঘটিত কৰা তথা অভাৰলোড থকা ট্ৰাকখন ৰাইজে আৱদ্ধ কৰি চাৰিদুৱাৰ আৰক্ষীক চমজাই দিয়ে।

Related Articles

Leave a Reply

Close