অসম

চাৰি বছৰেই শয্যাত এটি কিশোৰ, স্বাস্থ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান

প্ৰথম খবৰ, মৰাণ: মৰাণ তিলৈনগৰ বঙালী গাঁৱৰ এটি কিশোৰ চাৰি বছৰ ধৰি শয্যাত দিন অতিবাহিত কৰিব লগা হোৱাত দিকবিদিক হেৰুৱাই পেলাইছে এটি দৰিদ্ৰ পৰিয়ালে। এই কিশোৰটিলৈ মন কৰক। দেখাত শিশু যেন লাগিলেও এওঁৰ বয়স বৰ্তমান ১৫ বছৰত ভৰি দিছে। পখিলাৰ খেদা বয়সৰ পৰাই এক অচিন ৰোগত আক্ৰান্ত হয় বিশাল গোঁসাই নামৰ এই কিশোৰটি। পিতৃৰ সুভাষ গোঁসাই আৰু মাতৃ বেবী গোঁসাইয়ে আনৰ ঘৰত দিন হাজিৰা কৰি পৰিয়ালটি পোহপাল দিয়াৰ লগতে কনিষ্ঠ পুত্ৰ বিশালক চাৰি বছৰে চিকিৎসাৰ কৰোৱাই আহিছে যদিও কোনো সুফল নোপোৱাত দিকবিদিক হেৰুৱাই পেলাইছে। অলপতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বিশালৰ চিকিৎসাৰ বাবে দৰিদ্ৰ পৰিয়ালটোৱে ভৰ্তি কৰিছিল যদিও টকাৰ অভাৱৰ বাবে আধাতে  হাস্পতাল এৰি ঘৰলৈ কিশোৰটিক লৈ আহে। উল্লেখ্য যে, চুবুৰীয়াৰ পৰা হাতে-ভৰিয়ে ধৰি দান-বৰঙণি তুলি জি এম চি হাস্পতাললৈ নিছিল। চিকিৎসকে চিকিৎসাৰ বাবে লাখৰ ওপৰত টকা প্ৰয়োজন হ’ব বুলি কোৱাত চিকিৎসাৰ নকৰাকৈ ঘৰলৈ ঘূৰাই আনে । এতিয়া দৰিদ্ৰ পৰিয়ালটোৱে অসমৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে। চৰকাৰে দৰিদ্ৰ পৰিয়ালটিক সহায়ৰ হাত আগবঢ়োৱালৈকে কিশোৰটি জীয়াই থকাকৈ আপুনিও বিশালৰ  পিতৃ সুভাষ গোঁসাইৰ নামত থকা তিলৈনগৰ এছ বি আইৰ ৩৬৪১৮১০৬১০ একাউণ্ট নম্বৰত আৰ্থিক সাহাৰ্য আগবঢ়াব পাৰে। নতুবা আছাম টকছৰ নিউজ এডিটৰ ঋতুস্মিন শৰ্মাৰ সৈতে যোগাযোগ কৰিব পাৰে।

 

Related Articles

Leave a Reply

Close