অসম

চিকিৎসকৰ বদলিকৰণক লৈ লালুকত ক্ষোভ, স্মাৰকপত্ৰ প্ৰদান

প্ৰথম খবৰ, নাওবৈচা: চিকিৎসকৰ বদলিক কেন্দ্ৰ কৰি লালুকত জনতাৰ ক্ষোভ। লালুকবাসীৰ লগতে কেইবাটাও দল-সংগঠনে চিকিৎসকজনৰ বদলিৰ বিৰোধিতা কৰিছে। এই ঘটনা সংঘটিত হৈছে লখিমপুৰ  জিলাৰ নাওবৈচা বিধান সভাৰ মধ্যস্থানত অৱস্থিত লালুক আৰ্দশ চিকিৎসালয়ত। বৃহত্তৰ অঞ্চলটোৰ চাৰি শতাধিক ৰোগী দৈনিক এই চিকিৎসালখনলৈ আহে। কৃষিজীৱী, দৈনিক হাজিৰা আৰু কম উপাৰ্জনেৰে পৰিয়াল চলোৱা লোকসকল এই চিকিৎসালয়খনৰ দ্বাৰা উপকৃত হৈ আহিছে যদিও ৰোগী অনুপাতে চিকিৎসকৰ অভাৱ দীৰ্ঘদিন ধৰি অনুভূত হৈ আহিছে। মাত্ৰ পাঁচজন চিকিৎসকেৰে চলি থকা চিকিৎসালয়খনৰপৰা হঠাতে আন এজন চিকিৎসকক বদলি কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। ২৩ জুনত এইচএলএ ৬৩৭৭/৩০১৭/৩৩৯ নং পত্ৰযোগে ডাঃ উৎপল শইকীয়া নামৰ চিকিৎসকগৰাকীক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ বদলি কৰে স্বাস্থ্য বিভাগে। স্বাস্থ্য বিভাগৰ এই সিদ্ধান্তৰ পিছতে জাঙুৰখাই উঠিছে অঞ্চলবাসী। কম সংখ্যক চিকিৎসকে সেৱা প্ৰদান কৰি থকা চিকিৎসালয়খনৰপৰা হঠাতে এজন চিকিৎসকক কিয় বদলি কৰা হ’ল বুলি স্বাভাৱিকতেই প্ৰশ্ন তুলিছে অঞ্চলবাসীয়ে।

এই কথাটো বৃহত্তৰ লালুকৰ ৰাইজে মানি ল’ব বিচৰা নাই। লগতে ডাঃ শইকীয়াৰ বদলিকৰণ স্থগিত ৰাখিবৰ বাবে সকলো দল সংগঠনে  জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক অনুৰোধ জনাই এখন স্মাৰকপত্ৰও প্ৰদান কৰে ৷ শনিবাৰে পুনৰ সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজ, সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন আৰু সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ লালুকৰ সমিতিয়ে একোখনকৈ স্মাৰক প্ৰদান কৰি ডাঃ শইকীয়াৰ বদলিকৰণ স্থগিত ৰাখিবলৈ দাবী উত্থাপন কৰে।

Related Articles

Leave a Reply

Close