বিনোদনশীৰ্ষ

চিচেষ্টাৰ চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ‘হান্দুক’

নিউজ ডেস্ক, প্ৰথম খবৰ: পুনৰ জয়ছেং জয় দহোতীয়াই আনিছে ভাল খবৰ। ১০আগষ্টৰপৰা আঠদিনীয়াকৈ ইংলেণ্ডৰ চিচেষ্টাৰত অনুষ্ঠিতব্য ২৬তম ‘চিচেষ্টাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’লৈ নিৰ্বাচিত হৈছে তেওঁৰ বহুচৰ্চিত অসমীয়া চলচ্চিত্ৰ ‘হান্দুক’। এই বর্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক দহোতীয়াৰ ‘হান্দুক’ এই চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হোৱাটো সমগ্ৰ অসমবাসীৰ বাবেই নিঃসন্দেহে এক ভাল খবৰ। উল্লেখ্য যে ‘চিচেষ্টাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ বিশেষ নাম আছে ৰুচিসন্মত চলচ্চিত্ৰ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত। এই বছৰো বিশ্বৰ বিভিন্ন প্ৰান্তৰপৰা বিভিন্ন ভাষাত নিৰ্মিত ছয় হাজাৰৰো অধিক ছবি মহোৎসৱখনলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰে মাত্ৰ ১৫০খন ছবিহে নিৰ্বাচন কৰিছে আয়োজকসকলে। ব্ৰিটিছ ফিল্ম ইনষ্টিটিউট, গ্ৰীণয়োদ আৰু চিচেষ্টাৰ ইউনিভাৰ্ছিটিৰ সহযোগত ৩৫খন দেশৰ ১৫০খন চলচ্চিত্ৰ এইবছৰ এই মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব। স্বাভাৱিকতে মায়ামৰা প্ৰডাকচনৰ বেনাৰত জয়ছেং জয় দহোতীয়াৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত ‘হান্দুক’ৰ এই সফলতাই নিৰ্মাতা আৰু ছবিখনৰ সৈতে জড়িত কলা-কুশলীসকলৰ লগতে অসমীয়া চলচ্চিত্ৰৰ অনুৰাগীসকলকো আহ্লাদিত কৰি তুলিছে।

Related Articles

Leave a Reply

Close