অসম

চিৰাঙত আই নদী গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ, গৰাখহনীয়াৰ বুজ লবলৈ যোৱা ৰাজনৈতিক নেতাক আক্ৰমণৰ চেষ্টা পীড়িত জনতাৰ

প্ৰথম খবৰ, কাজলগাঁও: চিৰাঙৰ ছোট নীলিবাৰীত আই নদীৰ গৰাখহনীয়া ভয়ংকৰ ৰূপ। চপৰাচপৰকৈ খহি আছে খেতি পথাৰ, জাহ যাবলৈ উপক্ৰম বিদ্যালয়, আৱাসগৃহ। অসম চৰকাৰৰ জলসম্পদ বা বিটিচি প্ৰশাসনে সময়ত প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ নৈপৰীয়া লোক। ফলস্বৰূপ গৰাখহনীয়া পীড়িত মহিলাৰ ৰণচণ্ডী ৰূপ। আই নদীৰ গড়াখহনীয়াৰ বুজ লবলৈ যোৱা বিপিএফৰ নেতা তথা বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্মক কেমেৰাৰ সন্মুখতে প্ৰথমতে কুঠাৰ, তাৰ পিছত ত্ৰিশূল লৈ আক্ৰমণৰ চেষ্টা ক্ষুব্ধ মহিলাৰ । আনকি বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী, স্থানীয় বিধায়ক চন্দন ব্ৰহ্ম, বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্মক উদ্দেশ্যি যোৱা বছৰ বান পানীৰ সময়ত যেনেদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰাত আজি জোতা হাতত তুলি অশ্ৰাব্য ভাষাৰে গালি গালাজ কৰে। উল্লেখযোগ্য যে, যোৱা বছৰ এই ছোট নীলিবাৰীতে আই নদীৰ গড়াখহনীয়াত ৪৫ টা পৰিয়ালৰ আৱাসগৃহ নদীৰ জাহ যোৱাৰ লগতে খেতি মাটি হেৰুৱাই আজিও শিৱিৰত কটাবলগীয়াত পৰিছে। যোৱা বছৰ বানপানীৰ বুজ ল’বলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল, জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত নিজে চিৰাঙত আহি ৰাইজক আশ্বাস প্ৰদান কৰিছিল কিন্তু খৰালিৰ সময়ত বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কোনো ব্যৱস্থাই জলসম্পদৰ বিভাগে নকৰাৰ অভিযোগ উত্থাপিত হৈছে। বালিৰে মথাউৰি বনাইছিল যদিও বানে ইতিমধ্যেই উটুৱাই লৈ গৈছে সেই মথাউৰি।

Related Articles

Leave a Reply

Close