বিনোদনশীৰ্ষৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

চীনে নিষিদ্ধ কৰিলে জাষ্টিন বিবাৰক

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: কানাডাৰ প’প গায়ক জাষ্টিন বিবাৰক নিষিদ্ধ কৰা হ’ল চীনত। জাষ্টিন বিবাৰক সংগীত প্ৰদৰ্শনত নিষেধাজ্ঞা জাৰি কৰিছে চীনৰ চৰকাৰখনে। তেওঁলোকৰ অভিযোগ বিশ্ববিখ্যাত গায়কজনৰ চীন দেশীয় সমাজখনৰ প্ৰতি যি ব্যৱহাৰ সেয়া গ্ৰহণযোগ্য নহয়। চলিত বৰ্ষৰ শেষৰফালে জাষ্টিন বিবাৰে ‘পাৰ্প’জ ৱৰ্ল্ড ট’ৰ’ৰ বাবে আকৌ আহিব এছিয়ালৈ। এইবাৰ তেওঁ ভ্ৰমণ কৰিব ইণ্ডোনেছিয়া, হংকং, ছিংগাপুৰ, ফিলিপাইনছ আদি দেশবোৰত। তেওঁ চীনতো সংগীতানুষ্ঠান আয়োজন কৰা কথা আছিল যদিও সেয়া হয়তো সম্ভৱ নহ’ব।

Related Articles

Leave a Reply

Close