অসম

চেঙাৰ গ্ৰামীন বেংকত দালালৰ দপদপনি

প্ৰথম খবৰ, চেঙা : এটা ঋণ পোৱাৰ বাবে যিটো সময়ত অসমৰ লাখ লাখ কৃষক আৰু নিবনুৱা যুৱকে বেংকলৈ তাঁত-বাটি কাঢ়ি হাবাথুৰি খাব লগীয়া হৈছে সেইটো সময়তে ঋণৰ নামত সংঘটিত হোৱা এক বৃহৎ কেলেংকাৰী ফাদিল হৈছে । ভুৱা তথ্য দাখিল কৰি বিভিন্ন লোকৰ নামত বেংকৰ পৰা কেচিচি ঋণৰ নামত লাখ লাখ টকা সৰকাই নিয়া হৈছে । বেংক মেনেজাৰৰ জৰিয়তে দালালে সৰকাইছে ঋণৰ ধন । বেংকত চলিছে দালাল ৰাজ । বৰপেটা জিলাৰ চেঙাৰ অসম গ্ৰামীণ বিকাশ বেংকত চলিছে এই দুৰ্নীতি । অসম গ্ৰামীন বিকাশ বেংকৰ এই শাখাটোত সংঘটিত হৈছে কেচিচি ঋণৰ নামত বৃহৎ কেলেংকাৰী । দালালৰ দপদপনিত সাধৰণ মানুহ দূৰতে বিদূৰ হ’ব লগা এই বেংকটোত দালাল নধৰিলে কোনেওঁ নাপায় ঋণ । এটা ঋণ ল’বলৈ সাধাৰণ মানুহে বিভিন্ন তথ্য দাখিল কৰাৰ নামত হাবাথুৰি খাব লগীয়া হয় যদিও দালালৰ জৰিয়তে ঋণ ল’লে একো তথ্যই নালাগে । কাৰোবাৰ নামত কোনোবাই ঋণ লয় এই বেংকত । চেঙা গাঁৱৰে চেনী আলী নামৰ যুৱক এজনৰ নামত ঋণ পৰিশোধৰ জাননী অহাত সমস্ত ঘটনা পোহৰলৈ আহে ।ইলিয়াছ আলী নামৰ যুৱক এজনে চেনী আলীৰ নামত ভুৱা তথ্য দাখিল কৰি 2010 চনতে কেচিচি ঋণ লৈছিল চেনী আলীৰ অজ্ঞাতে ।ঘটনা পোহৰলৈ অহাৰ পিছত ভুক্তভোগী চেনী আলীয়ে ইলিয়াছ আলীৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষী থানাত 192/17 নম্বৰ আৰু ভাৰতীয় দণ্ড বিধিৰ 420/468/471/341/325/34 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ।ভুক্তভোগী চেনী আলীয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে ।

Related Articles

Leave a Reply

Close