অসম

চেঙাৰ বালাট্টাৰীত ভুৰ খেল প্ৰতিযোগিতা, বাহুৱলীৰ প্ৰথম স্থান দখল

প্ৰথম খবৰ, চেঙা:  বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বালাট্টাৰী চাৰিআলিত আজি আবেলি তিনি বজাত ভুৰ খেল প্ৰতিযোগিতা এখন অনুষ্ঠিত হৈ যায়। বি. এছ. লুইতপৰীয়া কৌতুক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত এই খেল প্ৰতিযোগিতাখনত আঠটা দলে অংশগ্ৰহণ কৰে । বিশ্বাস নাই, সোণালী, মায়েৰ আশীৰ্বাদ, বাহুৱলী ৰিটাৰ্নছ, কিৰণমালা, বাহুৱলী , আল্লাহু পংখিৰাজ আৰু ৰাইজৰ হাৱা এই আঠটা দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে লুইতপৰীয়া কৌতুক গোষ্ঠীৰ সভাপতি এবাদুল্লাহ খান আৰু সম্পাদক নজৰুল ইছলামে।ব্ৰহ্মপুত্ৰৰ বুকুত অনুষ্ঠিত এই খেল চাবলৈ তিনি সহস্ৰাধিক লোক উপস্থিত হয়। সম্প্ৰতি নাওখেলৰ সমান্তৰালকৈ ভুৰ খেলো নামনি অসমৰ ঠায়ে ঠায়ে অনুষ্ঠিত হৈ আহিছে আৰু এই খেলবিধে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৰ্বহাৰা কৰা সংখ্যালঘু প্ৰধান বালাট্টাৰী অঞ্চলত এনে খেল অনুষ্ঠিত কৰি অহাত স্থানীয় লোকে আনন্দ প্ৰকাশ কৰে। বিগত তিনি বছৰ ধৰি বি এচ লুইতপৰীয়া কৌতুক গোষ্ঠীটোৱে ভুৰ খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে বুলি জানিব পৰা গৈছে। আজিৰ এই খেল প্ৰতিযোগিতাখনত প্ৰথম স্থান দখল কৰে ছাটা গাঁৱৰ খুৰছেদ আলীৰ বাহুৱলী দলে আৰু দ্বিতীয় স্থান দখল কৰে মালিপাৰাৰ মতিয়াৰ খানৰ সোণালী দলে ।

Related Articles

Leave a Reply

Close