অসম

টংলা-ভেৰগাঁও পথ মেৰামতিৰ দাবীত দুঘন্টীয়া পথ অৱৰোধ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভা

প্ৰথম খবৰ,টংলাঃ  টংলা-ভেৰগাঁও পথৰ মেৰামতিৰ দাবীত আজি এবছুৰ ভেৰগাঁও, খৈৰাবাৰী আৰু খাগ্ৰাবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত হাচ্ৰাপাৰাত দুঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে৷ পথত ভূঁই ৰুই বিভিন্ন শ্লগানেৰে প্ৰতিবাদ সাৱ্যস্ত কৰে৷ জনপ্ৰতিনিধিসকলৰ সুমতি কামনা কৰি প্ৰতিবাদস্থলীতে এখনি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে৷ প্ৰতিবাদথলীত এবছুৰ ওদালগুৰি জিলাৰ সভাপতি ৰিঞ্জয় বড়ো আৰু এবছুৰ প্ৰাক্তন নেতা বাবুল বসুমতাৰীয়ে অংশগ্ৰহণ কৰে৷

Related Articles

Leave a Reply

Close