অসম

টীয়ক চি.কে.বি কলেজত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন

প্ৰথম খবৰ, জাঁজী: যোৰহাট জিলাৰ জগদুৱাৰস্থিত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত আৰু হাঁহচৰা জুনিয়ৰ কলেজৰ সহযোগত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অৰ্থ সাহায্যত ২২ আৰু ২৩ চেপ্তেম্বৰত ” Emerging Issues Of Foreign Direct Investment (FDI)In India With Special Reference To N.E.Region ” মূল বিষয় শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। মূল বিষয়ৰ লগতে কেইবাটাও আনুসঙ্গিক বিষয় সন্নিবিষ্ট কৰা এই আলোচনাচক্ৰখনলৈ শিক্ষক, গৱেষক ছাত্ৰ , উদ্যোগী, ব্যৱসায়ী, চৰকাৰী বেচৰকাৰী সংগঠন আৰু ইচ্ছুক ব্যক্তিৰ পৰা গৱেষণা পত্ৰ আহ্বান কৰা হৈছে। গৱেষণা পত্ৰৰ সাৰাংশ ৪ ছেপ্তেম্বৰ আৰু মূল গৱেষণা পত্ৰ ১০ ছেপ্তেম্বৰৰ ভিতৰত পোৱাকৈ sunilbhatta510@gmail.com বা abhijitckbc@gmail.com ঠিকনাত ই-মেইল যোগে প্ৰেৰণ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close