অসম

ডিব্ৰুগড়ত নেতাসহ কেবাজনো বন্ধ সমৰ্থকক আটক আৰক্ষীৰ

প্ৰথম খবৰ,ডিব্ৰুগড়: দুলীয়াজান আৰক্ষীয়ে বন্ধ সৰ্মথনকাৰী ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জিতু শইকীয়া, আটাছুৰ সদস্য ৰাজীৱ গগৈ, আটছা সদস্য সুৰজ মূৰাঢ়ি কে আদি কৰি ৫ জন সদস্যক আটক কৰে ৷ আনহাতে, ডিব্ৰুগড়ত আটছা কৰ্মী অনুজ মুড়া, হৰিকান্ত ছাৱাছী, কিচুন কুৰ্মি, চামু কৰ্মকাৰ, মাৰ্চেল নায়কক, বৰবৰুৱাত বিশেশ্বৰ গোৱালা, বিজিত ৰাজোৱাৰক গ্ৰেপ্তাৰ কৰা হয়। আটছা কৰ্মীক বিনাচৰ্তে মুক্তিৰ দাবীত ডিব্ৰুগড় সদৰ থানাত আটছা ডিব্ৰুগড় শাখা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close