অসম

ডিব্ৰুগড়ত প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি

প্ৰথম খবৰ,লাহোৱাল: যোৱা ৩ জুলাইৰ পৰা সামাজিক-সাংস্কৃতিক অনুষ্ঠান বুৰুজৰ উদ্যোগত অনুষ্ঠিত পষেকীয়া থিয়েটাৰ ইন এডুকেশ্বন’ৰ পষেকীয়া কৰ্মশালাৰ আজি সামৰণি পৰে। ডিব্ৰুগড় বাণীপুৰস্থিত উজনি হাতীমূৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে কৰ্মশালাত লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত নাট প্ৰদৰ্শন কৰে।অনুষ্ঠানত কৃতী শিক্ষয়িত্ৰী ঝৰ্ণা গগৈ, সামাজিক-সাংস্কূতিক অনুষ্ঠান উপাসনাৰ অধ্যক্ষ তৰুণ গগৈ, লেখক ইন্দ্ৰ গগৈ, বাণীপুৰ সাহিত্য সভাৰ সম্পাদক জয়ন্ত দত্ত, শিক্ষয়িত্ৰী স্মৃতিৰেখা চাংমাই আদি কৰি ভালেকেইগৰাগী ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।থিয়েটাৰ ইন এডুকেশ্বনৰ প্ৰশিক্ষক ফিলিপ জামান নেওগ আৰু বুৰুজৰ সভানেত্ৰী অৰ্পণা বৰাই আত ধৰা অনুষ্ঠানৰ সামৰণিত প্ৰশিক্ষাৰ্থীসকনক অংশ গ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

Related Articles

Leave a Reply

Close