অসম

ডিমৌৰ ৰাজমাইত ট্ৰেভেলাৰৰ দৌৰাত্ম্যত আহত ১

প্ৰথম খবৰ,ডিমৌ: আজি বিয়লি ডিমৌৰ ৰাজমাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে । ঘটনা অনুসৰি শিৱসাগৰৰ দিশৰ পৰা অহা ডিব্ৰুগড় অভিমুখী এখন তীব্ৰবেগী যাত্ৰীবাহী ট্ৰেভেলাৰে ৰাজমাইত এজন পথচাৰীক মহতিয়াই লৈ যায় । দুৰ্ঘটনাৰ পাছত সংকটজনক অৱস্থাত ডিমৌ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আহত ৰাম মুণ্ডাক । দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেভেলাৰখনৰ নম্বৰ AS-06-AC-9512 । ইফালে এই দুৰ্ঘটনা সংঘটিত কৰি বাহনখনৰ চালক-হেণ্ডিমেনে পলায়ন কৰে । ৰাষ্ট্ৰীয় ঘাইপথটোত ট্ৰেভেলাৰৰ দৌৰাত্ম্যৰ বাবেই এতিয়া এনে দুৰ্ঘটনা সংঘটিত হৈছে বুলিও ৰাইজে অভিযোগ কৰে ।

Related Articles

Leave a Reply

Close